কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ তিনিটা শিবিৰ ইতিমধ্যে জলমগ্ন হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ পানী অধিক বৃদ্ধি হ’লেই উদ্যানখনৰ অন্যান্য শিবিৰ সমূহ ডুব যোৱাৰ সম্ভানবা।
ভাদ মহীয়া বানপানীয়ে প্লাবিত কৰিছে এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিগত কিছুদিন ধৰি অসম লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰাত উদ্যানখনৰ ব্ৰহ্মপুত্ৰৰ পানী সোমাইছে। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ তিনিটা শিবিৰ জলমগ্ন হৈছে।
ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ এইদৰে বৃদ্ধি পাই থাকিলে কাজিৰঙাৰ অন্যান্য শিবিৰ সমূহত ২৪ ঘণ্টাৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰি জলমগ্ন কৰাৰ সম্ভাৱনা আছে। অগৰাতলী বনাঞ্চলৰ তিনিটা শিবিৰ জলমগ্ন হোৱাৰ পিছতে বন্যপ্ৰাণী সমূহে নিৰাপদ স্থানৰ সন্ধানত কাৰ্বি পাহাৰৰ ফালে ওলাই আহিছে।
ইফালে বানপানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যপ্ৰাণী সমূহ যাতে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰাৰ সময়ত দুর্ঘটনাত পতিত নহয় ইয়াৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত চোকা দৃষ্টি ৰাখিছে বন বিভাগে। ৰাষ্ট্ৰীয় ঘাইপথত যাতে ৪০ কিলোমিটাৰতকৈ অধিক বেগত গাড়ী চলাব নোৱাৰে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে।
লগতে পঢ়ক : কামপুৰত জাতীয় সংগঠনৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ প্ৰতিবাদ
উল্লেখ্য যে বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সমূহ এফালে যিদৰে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ঠিক সেইদৰে আনফালে বানপানী কাজিৰঙাৰ বাবে বানপানী আশীৰ্বাদ। এইবাৰ পূৰ্বৰ তুলনাত বানপানী নোহোৱাৰ ফলত কাজিৰঙাৰ ভিতৰত থকা জলাশয় সমূহত পানীৰ অভাৱ হোৱা পৰিলক্ষিত হৈছিল।