নাৰায়ণপুৰত বাৰিষাৰ পূৰ্ৱেই বানে উটুৱাই নিলে পকী দলং । নাৰায়ণপুৰৰ দোৰপাং নদীৰ সোঁতে উটুৱাই নিলে নৱনিৰ্মিত দলং খন।

তাঁতিবাহাৰ-মাঘনোৱা সংযোগী পথৰ ওপৰত কেইদিনমানৰ পূৰ্ৱে নিৰ্মাণ সম্পূৰ্ণ কৰিছিল ১৭ লাখ ৬৩ হাজাৰ টকীয়া দলংখন।


সম্পূৰ্ণ অপৰিকল্পিত ভাবে নিৰ্মাণ কৰাৰ ফলতেই দলংখন উটুৱাই নিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।
বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে মইমতালিৰে দলং নিৰ্মাণৰ অভিযোগ ৰাইজৰ।


দুয়োটা মুৰ বালিৰে বন্ধোৱাৰো গুৰুতৰ অভিযোগ ৰাইজৰ। বৰষুণৰ পানীৰ ঢৌৱে উটুৱাই নিলে দলংখনৰ দুয়োমুৰ সংযোগ কৰা অংশ দুটা।


দলংখন দুয়োমুৰ উটুৱাই নিয়াৰ ফলত বৃহত্তৰ অঞ্চলটোৰ বহু কেইখন গাঁৱৰ ৰাইজৰ যাতায়ত বন্ধ হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply