এতিয়া পৃথিৱীৰ অসুখ। তাৰ মাজতে বিনন্দীয়া হৈ পৰিছে অপৰূপা প্ৰকৃতি। মহামাৰী কোৰোনাৰ প্ৰভাৱ পৰি প্ৰাণৰ মমতাত মানৱ জাতি এতিয়া গৃহবন্দী হোৱাৰ উপক্ৰম ঘটিছে যদিও প্ৰকৃতি এতিয়া মতলীয়া হৈ পৰিছে প্ৰেমৰ ৰঙত।
প্ৰকৃতিৰ বিনন্দীয়া ৰূপে এতিয়া জাতিষ্কাৰ কৰি তুলিছে বসুন্ধৰাৰ বুকু। চৌদিশে এতিয়া সোণাৰু, কৃষ্ণচূড়া আৰু ৰাধাচূড়াই হাত বাউল দি মাতিছে। চঞ্চলা প্ৰকৃতি যেন এতিয়া ভৰ যৌৱনা হৈ সুন্দৰতাৰ মেলা পাতিছে।
কৰ’ণাক প্ৰতিহত কৰিবলৈ ঘোষণা কৰা নিৰ্দেশনা মানৱ জাতিয়ে উলংঘা কৰিছে যদিও প্ৰকৃতিয়ে উলংঘা কৰা নাই চিৰাচৰিত নিয়ম। এটা কৃত্ৰিম জীৱন উপভোগৰ বাবে জীৱশ্ৰেষ্ঠই প্ৰকৃতিৰ ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে যদিও ৰূপে-ৰঙে উজ্জিৱীত হৈয়ে আছে ধৰাৰ বুকু।
কৃষ্ণচূড়া-ৰাধাচূড়াৰ বাউলী বতাহত উন্মনা হৈ পৰিছে সকলো। সোণাৰুৰ হালধীয়া ফুলবোৰেও যেন হাঁহি উঠিছে। মানৱ জাতিৰ অত্যাচাৰ পাহৰি এতিয়া নিজতে মগন হৈ পৰিছে প্ৰকৃতি। খিলখিলাই হাঁহি উঠিছে যৌৱনমতী প্ৰকৃতি। চৌদিশে এতিয়া নানা ৰঙী ফুলবোৰে আকাশ পোহৰাই তুলিছে। বিৰিখে বিৰিখে এতিয়া যেন ৰঙৰ মেলা।
চৌদিশে এতিয়া প্ৰেমৰ ৰঙত মতলীয়া। আকাশ উজলাই হেঁপাহেৰে ফুলিছে সোণাৰু, কৃষ্ণচূড়া-ৰাধাচূড়া। যেনিয়েই চকু ফুৰায় তেনিয়েই চকু চাট মাৰি ধৰা ৰঙৰ সমাহাৰ । প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ দেখিয়েই মানৱ জাতিৰ দুৰ্যোগৰ সময়তো হয়তো কোনো কবিয়ে লিখিছে প্ৰেমৰ কবিতা।