ফ্লাইবিগ সেৱা

লখিমপুৰ: লখিমপুৰ বাসীৰ বাবে এক সুখবৰ। অহা ৪ নৱেম্বৰৰ পৰা লখিমপুৰ আৰু গুৱাহাটীৰ মাজত চলিব ফ্লাইবিগ বিমান সেৱা। সপ্তাহত চাৰিদিন চলিব এই সেৱা।


একোজন যাত্রীয়ে মাথো ৯৯৯ টকাতে লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা ফ্লাইবিগ বিমানেৰে ৰাজধানী মহানগৰী গুৱাহাটী লৈ যাব পাৰিব।


উল্লেখ্য দীর্ঘদিন ধৰি লখিমপুৰ গুৱাহাটীৰ মাজত কোনো আকাশী পথ যাতায়ত ব্যবস্থা নাছিল। লখিমপুৰৰ লীলাবাৰী ৰ পৰা কলিকতা সংযোগী এখন বিমান হে নিতৌ চলাচল কৰি আছিল।

লগতে পঢ়ক-আজিও অব্যাহত আছে ডবকা শালবাগানত প্ৰতিবাদী কাৰ্যসুচী


যাৰ বাবে লখিমপুৰৰ লগতে দাতি কাষৰীয়া জিলা কেইখনৰ ৰাইজ জৰুৰী ভাৱে গুৱাহাটী লৈ যোৱাৰ ক্ষেত্ৰত সমস্যা ভোগ কৰি আহিছে।
শেহতীয়াকৈ ফ্লাইবিগ বিমান সেৱা আৰম্ভ হোৱাৰ খবৰে সৰ্বস্তৰৰ ৰাইজক আনন্দিত কৰি তুলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply