লখিমপুৰঃ লখিমপুৰৰ বাবে এক দুঃসংবাদ। বন্ধ হৈ পৰিব লখিমপুৰ-গুৱাহাটীৰ মাজত চলা ‘ফ্লাইবিগ’ যাত্ৰীবাহী বিমান সেৱা। ১১ মে’ৰ পৰা বন্ধ কৰি দিয়া হ’ব এই বিমান সেৱা। এই বিমানসেৱাৰ জৰিয়তে এঘন্টাৰো কম সময়ৰ ভিতৰতে লখিমপুৰৰ যাত্রীয়ে মহানগৰী গুৱাহাটীত ভৰি থব পাৰিছিল। ফ্লাইবিগৰ এখন ৭২ খন আসন বিশিষ্ট বিমান নিতৌ সন্ধিয়া গুৱাহাটীৰ পৰা লখিমপুৰৰ লীলাবাৰী  বিমান বন্দৰলৈ আহে আৰু কিছু সময়ৰ পাছতে পুনৰ বিমান খন ৰাজধানী মহানগৰীলৈ বুলি উৰা মাৰে। এঘন্টাৰো কম সময়ৰ ভিতৰতে লখিমপুৰৰ যাত্রীয়ে এই বিমানসেৱাৰ জৰিয়তে ৰাজধানী মহানগৰীত ভৰি থব পাৰিছিল।  যোৱা নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰা হৈছিল এই বিমান সেৱা।

পিছে কোনো কাৰণ নোহোৱাকৈ হঠাৎ লীলাবাৰী বিমান বন্দৰ কৰ্তৃপক্ষক ১১ মে’ৰ পৰা বিমান খনৰ সেৱা বন্ধ কৰা হ’ব বুলি জনোৱা হৈছে। ইয়াক লৈ এতিয়া সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ। লখিমপুৰৰ বিভিন্ন দল-সংগঠনে অতি জৰুৰী এই বিমান সেৱা বন্ধ নকৰিবলৈ আহ্বান জনাইছে। 

উল্লেখ্য যে, এই বিমানখনৰ সেৱা আৰম্ভ কৰাৰ সময়ত ঢাকঢোল বজাই প্ৰচাৰ কৰা হৈছিল। প্রথমটো উৰণতে লখিমপুৰৰ সাংসদ, বিধায়ক আদিয়ে এই বিমানখনৰ যাত্রী হৈছিল। কিন্তু এতিয়া এই বিমানসেৱা বন্ধ কৰিবলৈ লোৱাৰ সময়ক নিমাতে আছে জন প্ৰতিনিধি সকল। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply