প্ৰতিনিধিত্বমূলক ছবি

ডিফু: বকলিয়াঘাটত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ড ঘটনাত এগৰাকী ১৪বছৰীয়া কিশোৰৰ হাতত পিতৃৰ মৃত্যু হোৱাৰ দৰে ঘটনা সংঘটিত হৈছে।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বকলিয়াঘাটৰ পৰা প্ৰায় ১৫কিলো মিটাৰৰ নিলগৰ দুৰ্গম পাহাৰীয়া এলেকাৰ ক্লৰডুডৰ দুই নং ইকৰাজানত। ঘটনা অনুসৰি আজি পুৱা প্ৰায় ৯,৩০বজাত গাওঁ খনৰ নিবাসী “কামদেৱ বসুমতাৰী(৪৫)নামৰ লোক জনে ঘৰুৱা বিষয় কেন্দ্ৰ কৰি নিজ ১৪বছৰীয়া পুত্ৰৰ সৈতে কাজিয়াত লিপ্ত হয় ।

এই কাজিয়া বিষম ৰূপ লোৱাৰ ফলশ্ৰতি কিশোৰ কিয়ে এখন দাৰে পিতৃ ৰ ডিঙিত ঘাপ মৰাৰ ফলত থিতাতে নিহত হয় পিতৃ।

পুৱা ভাগতে এই নৃশংস হত্যাকাণ্ড ঘটনা সংঘটিত হয় যদিও বিয়লি ভাগত এই বিষয়ে জানিব পাৰি লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰা লগতে পিতৃ হত্যাকাৰী কিশোৰটিক আটক কৰিবলৈ সক্ষম হয় । কিশোৰটিক কাইলৈ ডিফু শিশু অপৰাধ আদালত হাজিৰ কৰাৰ লগতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক মানকাচৰত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ২৩ ছেণ্টিমিটাৰ ওপৰেৰে বৈছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply