কলগাছিয়া : কলগাছিয়াৰ দক্ষিণ তিতাপানী সমবায় সমিতিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান। সম্পাদক আব্দছ ছবুৰ আৰু সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে উত্থাপিত হোৱা বিয়াগোম দুৰ্নীতি আৰু অনিয়মৰ পিছতে এই অভিযান। ৰাইজৰ অভিযোগ দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক আব্দছ ছবুৰ বিভিন্ন দুৰ্নীতিৰ লগত জড়িত।
বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক আব্দুচ ছবুৰ আৰু একাংশ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে। প্ৰতি গৰাকী হিতাধিকাৰীক আধা কেজিকৈ চাউল কমকৈ দিয়া , নিৰিখৰ তুলনাত কমকৈ কেৰাচিন যোগান ধৰা, আটা সম্পূৰ্ণৰূপে আত্মসাৎ কৰা আৰু বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগকাৰীক ভাবুকি প্ৰদান কৰা আদি অভিযোগ ধাৰাবাহিকভাৱে উত্থাপন হৈ আহিছে আব্দুচ ছবুৰ বিৰুদ্ধে।
উক্ত অভিযোগ সমূহৰ ভিত্তিত খাদ্য আৰু যোগান বিভাগৰ এটা উচ্চ পৰ্যায়ৰ বিষয়াৰ দলে বৰভিটাত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে তদন্ত অব্যাহত ৰাখে। অভিযোগকাৰী সকলে সম্পাদক গৰাকীৰ বিৰুদ্ধে তদন্ত দাবী কৰে। তদন্তকাৰী বিষয়া তথা খাদ্য আৰু যোগান বিভাগৰ অধীক্ষক দিলীপ কুমাৰ ডেকাই অভিযোগ সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।
লগতে পঢ়ক : বন বিভাগৰ সংস্কাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি নেচাৰ্ছ বেকনৰ
ইপিনে সমবায় সমিতিৰ সম্পাদক আব্দুচ ছবুৰে সাংবাদিকক দাবী কৰে যে, ত্ৰিশ হাজাৰৰ ওপৰত জনসংখ্যা থকা সমবায় সমিতিখনৰ অন্তৰ্গত চাৰি-পাঁচ গৰাকী ব্যক্তিৰ বাহিৰে অন্য কাৰো অভিযোগ নাই। এই ব্যক্তি কেইজনে ব্যক্তিগত আৰু সামাজিক শত্ৰুতাৰ প্ৰতিশোধ ল’বলৈ তেওঁক জন সমাজত বদনাম কৰাৰ উদ্দেশ্যে ৰাইজৰ স্বাক্ষৰ পৰ্যন্ত নকল কৰি বিভিন্ন স্তৰত একে অভিযোগ বাৰে বাৰে দাখিল কৰি আহিছে। তদন্তৰ অন্তত সকলো সঁচা-মিছা ওলাই আহিব বুলিও কয় আব্দুচ ছবুৰে।