গুৱাহাটী : সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰতো ক’ভিড ১৯ মহামাৰীৰ ভয়াবহতাৰ মাজতে গুৱাহাটীস্থিত বশিষ্ঠ মন্দিৰ প্ৰাঙ্গনত কঁপিকুলক কিছু খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভাৱতাৰ পৰিচয় দাঙি ধৰিলে গুৱাহাটীৰ প্ৰকৃতিপ্ৰেমী বিশ্বজিৎ সাহা, বিজু প্ৰভা দাস, প্ৰাঞ্জল চৌধুৰী আৰু ৰুপম বৈশ্য নামৰ চাৰি গৰাকী প্ৰকৃতিপ্ৰেমীয়ে। ক’ভিড ১৯ ৰ এই সময়ছোৱাত বহু জীৱ-জন্তু খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে।

গুৱাহাটীৰ চাৰি গৰাকী প্ৰকৃতিপ্ৰেমীয়ে দৈনিক ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই বশিষ্ঠ মন্দিৰৰ প্ৰাঙ্গনত থকা কঁপিকুলসকলৰ বাবে কিছু পৰিমাণে কল, বুটমাহ, চাউল আৰু বিস্কুট আদিৰ যোগান ধৰিছে। এই খাদ্য সামগ্ৰীসমূহ নিজ হাতেৰে খুৱাই কঁপিকুলসকলক কিছু সকাঁহ দিয়াৰ এক ক্ষুদ্ৰ প্ৰয়াস হাতত লৈছে এই চাৰি গৰাকী প্ৰকৃতিপ্ৰেমীয়ে।

লগতে পঢ়ক : শিৱসাগৰত চাকৰি ওলাইছে : আবেদনৰ অন্তিম তাৰিখ ৩০ জুলাই

এই চাৰি গৰাকী প্ৰকৃতিপ্ৰেমীক বিশেষভাৱে খাদ্যৰ যোগান ধৰাত গুৱাহাটীৰ ৰূপনগৰ নিবাসী হেমন্ত তালুকদাৰ, অমলা দাস, প্ৰেম নাৰায়ণ দাস আৰু বাঘেশ্বৰী মন্দিৰ নিবাসী চন্দন ডেকা, প্ৰকাশ বৈশ্য, ম: শৰিফুল হ’কে সহায় আগবঢ়াই বুলি জানিবলৈ দিয়ে প্ৰকৃতিপ্ৰেমী বিশ্বজিৎ সাহাই। তেওঁলোকে গুৱাহাটী মহানগৰ তথা সমুহ অসমবাসী ৰাইজক ক’ভিডৰ এই সময়ছোৱাত নিজৰ ব্যস্ততাৰ সময়তো কঁপিকুল তথা জীৱ জন্তুৰ মাজত এনেদৰে কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰি কিছু সকাঁহ দিবৰ বাবে বিনম্ৰ অনুৰোধ জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply