গুৱাহাটী : গুৱাহাটী মহানগৰীৰ পদপথত জীৱন অতিবাহিত কৰা লোকসকলক নিশাৰ আহাৰ যোগান ধৰাৰ এক মানৱীয় অভিযান আৰম্ভ কৰিছে কেয়াৰ ইউ ৩৬৫ নামৰ এটা বেচৰকাৰী সংস্থাই। সংস্থাটোৰ উদ্যোগত সোমবাৰে নিশাৰে পৰা ‘আহাৰ’ শীৰ্ষক এই অভিযান আৰম্ভ কৰা হৈছে। “ফাইট হাংগাৰ, ফিড ফিউচাৰ” শীৰ্ষক মূল বিষয়বস্তুৰে পদপথৰ গৃহহীন লোক আৰু মানসিকভাৱে বাধাগ্ৰস্ত লোকসকলক নিশাৰ আহাৰ যোগান ধৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
সোমবাৰে নিশা সংস্থাটোৰ বহু সংখ্যক বিষয়ববীয়া আৰু সদস্যই গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পানবজাৰ, নেপালী মন্দিৰ আদি অঞ্চলত পদপথত বাস কৰা লোকসকলক খাদ্য যোগান ধৰে। নিশা ১০০ ৰো অধিক লোকক খাদ্য যোগান ধৰা হয়। দৈনিক চলাবলগীয়া এই অভিযানৰ অধীনত গুৱাহাটীত অনাহাৰে নিশা কটোৱা পদপথৰ লোকসকলক খাদ্য যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
বেচৰকাৰী সন্থাটোৰ সভাপতি ভৃগু বৰঠাকুৰ, ‘প্ৰজেক্ট আহাৰ’ৰ প্ৰকল্প সঞ্চালক সুশীল পৌৰেল আৰু স্বেচ্ছাসেৱী ৰঞ্জন গোস্বামী, অমৃত কোঁচ, দেৱানন্দ শইকীয়া আৰু মণ্টু কলিতাই নিশা প্ৰায় ১১ বজালৈকে খাদ্য যোগান ধৰে। এই সন্দৰ্ভত সংস্থাটোৰ সভাপতি ভৃগু বৰঠাকুৰে কয় “আমি খাদ্যক লৈ নিজা পছন্দ-অপছন্দৰ কথা কওঁ, খাদ্য সামগ্ৰী অপচয় কৰো কিন্তু পদপথৰ এইসকল লোকৰ বাবে কোনো পছন্দৰ কথা নাই। তেওঁলোকে অনাহাৰে নিশা কটাবলগীয়া হয়। এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। আমাৰ উদ্দেশ্য হ’ল এজনো ব্যক্তিয়ে যাতে নোখোৱাকৈ নিশা কটাবলগীয়া নহয়।”
উল্লেখযোগ্য যে কেয়াৰ ইউ ৩৬৫ প্ৰতি নিশাই গুৱাহাটীৰ ৰাজপথত অনাহাৰে থকা লোকসকলক খাদ্য যোগান ধৰিব বুলি সভাপতি ভৃগু বৰঠাকুৰে জানিবলৈ দিয়ে। সংস্থাটোৱে ইয়াৰ পুৰ্বেও বহু জনহিতকৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তাৰ ভিতৰত দুখীয়া ল’ৰা-ছোৱালীৰ বাবে বিনামূলীয়া শিক্ষা, খাদ্য যোগান, দৃষ্টিহীনসকলৰ বাবে ব্ৰেইল আলোচনী আৰু কিতাপ প্ৰকাশ, দুখীয়া ঘৰৰ ছোৱালীৰ বাবে বিনামূলীয়া চেনিটেৰী নেপকিন যোগান, দৃষ্টিহীনসকলৰ বাবে ক্ৰিকেট, বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীৰ বাবে দিব্যাংগ মহোৎসৱ আদি অন্যতম।