তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰৰ কাউলীৰ তৰুণগাঁৱৰ কণ্টেইনমেন্ট জ’নত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে।
গাঁওখনৰ এক বিবাহ অনুষ্ঠানৰ পৰা সৃষ্টি হোৱা গণ সংক্ৰমণৰ ফলত তামুলপুৰ মহকুমা প্ৰশাসনে কনটেইণ্টমেণ্ট জ’ন ঘোষণা কৰিছিল গাঁওখনক।
বিগত এসপ্তাহ ধৰি গাঁওখনৰ কণ্টেইনমেন্ট জ’নৰ ভিতৰত থকা দৰিদ্ৰ লোক সকল নিজ নিজ কৰ্মস্থলীলৈ যাব নোৱাৰি ঘৰতে আৱদ্ধ হৈ থকাৰ ফলত পৰিয়াল সমূহ তীব্ৰ খাদ্য সংকটত পৰিছে। কিন্ত এতিয়ালৈ গাঁওখনত কোনো চৰকাৰী খাদ্য সামগ্ৰী আহি নোপোৱাৰ বাবে সোমবাৰে বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে নিজে গাঁওখনত উপস্থিত হৈ কণ্টেইনমেন্ট জ’নৰ ভিতৰত থকা শতাধিক পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি গাঁওখনৰ পৰিস্থিতিৰ বিষয়ে বুজ লয়।
লগতে পঢ়ক : ডিপোটা অঞ্চলৰ এটি বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে ৰাইজক
ধৰ্ম নাৰায়ণ দাসে সকলোকে ক’ভিড বিধি মানি চলিবলৈও আহ্বান জনায়। বৰ্তমান গাঁওখনত ক’ভিড আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পাইছে যদিও পুৰুষ-মহিলাকে ধৰি গাঁওখনৰ বহু লোক এতিয়াও ক’ভিডত আক্ৰান্ত হৈ আছে। কাৰ্যবাহী সদস্য গৰাকীৰ লগতে ২ নং পূব কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ শংকৰ দাস, ৩ নং পূব কুমাৰীকাটাৰ অধ্যক্ষ দীপাংকৰ ভট্টাচাৰ্যৰ আৰু স্থানীয় গাঁওবুঢ়া ৰঞ্জিত দে আৰু বিজেপিৰ কার্যকৰ্তা সকলে গাঁওখনত খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰে।