জামুগুৰিহাটঃ ক’ভিড মহামাৰীৰ সংকটকালত দুবেলা দুমুঠি পেটৰ ভাত গোটোৱাৰ বাবে হাবাথুৰি খোৱা খাটি খোৱা লোক সকলৰ কাষত চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশ মৰ্মে আহি উপস্থিত হৈছেহি নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলক কুমাৰ শৰ্মা আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধি সকল ৷

চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত প্ৰায় ৪০ ঘৰ ক’ভিড আক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে নদুৱাৰ উন্নয়ন খণ্ডৰ বিষয়াৰ লগতে গাঁও পঞ্চায়তৰ প্ৰতিনিধি সকলে৷

আৰু পঢ়কঃকোভিড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা

সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি প্ৰায় এসপ্তাহৰ বাবে চাউল, দালি, পিয়াঁজ, আলু, বিস্কুত, তেলৰ উপৰিও পৰিয়ালসমূহে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰী যোগান ধৰে প্ৰতিনিধিৰ দলটোৱে ৷ এ

নদুৱাৰ খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই সকলো ৰাইজকে মাক্স পৰিধান কৰি সামাজিক দূৰত্বৰ ব্যৱধান মানি চলি আনকো সচেতন কৰিবলৈ সকলোকে অনুৰোধ জনায়।

নদুৱাৰ উন্নয়ন খণ্ড বিষয়া, গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগতে চতিয়া আৰু নদুৱাৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকল উপস্থিত থাকি প্ৰায় ৪০ ঘৰ ক’ভিডত আক্ৰান্ত হোৱা পৰিয়ালৰ লোকক খাদ্য-সামগ্ৰীৰ টোপোলা বিতৰণ কৰাৰ বাবে সমূহ উদ্যোক্তাক ৰাইজে বিশেষভাবে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply