খাদ্যত বিষক্ৰিয়া

ডিব্ৰুগড় : চাবুৱাত মাহ প্ৰসাদত বিষক্ৰিয়া হৈ শতাধিক লোক চিকিৎসাধীন হ’ব লগা হোৱা ঘটনাক লৈ চাবুৱাৰ মডেল হাস্পতালত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । বহুকেইগৰাকী ৰোগীৰ অবস্থা অৱনতি ঘটাৰ লগতে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যাও ।

ঘটনাৰ বিবৰণি অনুসৰি, চাবুৱাৰ দংগৰচুক গাঁৱত দেওবাৰে এজন ব্যক্তিৰ ঘৰত আয়োজন কৰা হৈছিল এক মাংগলিক অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত বিতৰণ কৰা মাহ-প্ৰসাদ খোৱাৰ পিছতে বহু লোকে অসুস্থ অনুভৱ কৰাত ভৰ্তি কৰোৱা হয় স্থানীয় চিকিৎসালত

শিশুৰ পৰা বৃদ্ধলৈকে সম্প্ৰতি গাঁৱখনৰ ১০০ৰো অধিক লোক আক্ৰান্ত হৈছে প্ৰসাদৰ বিষক্ৰিয়াত ।

সোমবাৰে পুৱাৰ ভাগত পৰা পুনৰ বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা । প্ৰতিগৰাকী ৰোগীয়ে পেটৰ বিষ, ডায়েৰীয়া আৰু বমিত আক্ৰান্ত হৈছে । বৰ্তমানেও আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে ।
সমগ্ৰ গাঁৱখনতে বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰা হৈছে । ইতিমধ্যে মডেল হাস্পতালখনৰ বাহিৰেও অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে ভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৰোগীসকলক । মাংগলিক অনুষ্ঠানলৈ অহা অন্য অঞ্চলৰ লোকসকলৰ দেহতো ইতিমধ্যে বিষক্ৰিয়া সংঘটিত হোৱাৰ খবৰ আহিছে ।

লগতে পঢ়ক- জুৰীয়াত আনন্দ মিশ্ৰ বাহিনীৰ সফল অভিযান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,324 other subscribers

Leave a comment

Leave a Reply