হাজো : হাজোত বুটমাহত বিষক্ৰিয়া। ২৫ জনকৈ লোক বুটমাহ খাই বিষক্ৰিয়াত আক্রান্ত হৈছে। আক্রান্ত লোক সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কামৰূপ জিলাৰ হাজোৰ তেতলীয়া গাঁৱৰ বাউসী চুবুৰীত বুটমাহত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। চুবুৰীতোৰ দ্বিজেন কলিতা নামৰ এজন লোকৰ ঘৰত এক মংগলিক অনুষ্ঠানত বুটমাহ খাই ২৫ জনকৈ লোক বিষক্ৰিয়াত আক্রান্ত হৈছে।

লগতে পঢ়ক : বাঘবৰত নিশাৰ পৰা বাঘবৰবাসী ৰাইজৰ আমৰণ অনশন আৰম্ভ

আক্রান্ত লোক সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নিশাৰ ভাগত আক্রান্ত লোক সকলক হাজো অসামৰিক চিকিৎসালয় আৰু শুৱালকুছি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আক্রান্ত লোক সকল সংকটমুক্ত বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply