মাজুলীঃ মাজুলীৰ জেংৰাইমুখ কলেজ হোষ্টেলত খাদ্যত বিষক্ৰিয়া ।
সতীৰ্থ ছাত্ৰীৰ ঘৰৰ পৰা অনা খাদ্য গ্ৰহণৰ পাছতে গুৰুতৰ ভাবে অসুস্থ ছয় গৰাকীকৈ ছাত্ৰী।
অসুস্থ ছাত্ৰীকেইগৰাকীক গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
অসুস্থ ছাত্ৰীকেইগৰাকী গৰিমা পেগু, পল্লবী পেগু, টিনা পেগু, মেৰীনা পেগু, উতৰা পেগু আৰু লক্ষীপ্ৰিয়া পেগু ।
বৰ্তমান ছাত্ৰী কেইগৰাকী কিছু সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ।