নিউজ ডেস্ক : আমাৰ শৰীৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এবিধ উপাদান হৈছে কলেষ্টৰেল। মূলত লিভাৰৰ দ্বাৰা উৎপাদিত এই চৰ্বিযুক্ত উপাদানবিধে দেহৰ হৰমন নিয়ন্ত্ৰণত এক বিশেষ ভূমিকা পালন কৰাৰ লগতে স্বাস্থ্যৰ বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিতকা পালন কৰে।

মূলত আমাৰ লিভাৰত তৈয়াৰ হোৱা আৰু খাদ্যৰ মাধ্যমেৰে আমাৰ শৰীৰে লাভ কৰা কলেষ্টৰেল লিপোপ্ৰটিন নামৰ এবিধ কণাৰ জৰিয়তে আমাৰ দেহৰ বিভিন্ন অংশলৈ চলাচল কৰে।

দুটা প্ৰধান লিপোপ্ৰটিন হৈছে –

 নিম্ন-ঘনত্বৰ লিপোপ্ৰটিন (Low-density lipoprotein – LDL) – ইয়াক ‘বেয়া’ কলেষ্টৰেল হিচাপেও জনা যায়। LDL – ক বেয়া কলেষ্টৰেল বুলি কোৱা হয় কাৰণ এই কলেষ্টৰেল যদি বেছি হয় তেতিয়া ই আমাৰ দেহৰ ধমনীত জমা হৈ স্বাস্থ্যৰ গুৰুতৰ সমস্যা সৃষ্টি কৰিব পাৰে।

উচ্চ ঘনত্বৰ লিপোপ্ৰটিন (High – density lipoproteins – HDL) – ইয়াক ‘ভাল’ কলেষ্টৰেল বুলি জনা যায়। দেহত HDL –এ আমাৰ ৰক্তবাহী নলীৰ পৰা ‘বেয়া’ কলেষ্টৰেল অপসাৰণ কৰাত সহায় কৰে।

গতিকে খোৱা-বোৱাৰ যতন লৈ আমি শৰীৰটোত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত গুৰুত্ব দিয়াতো অত্যন্ত দৰকাৰী। কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত উপযোগী ৭ বিধ খাদ্যৰ এখন তালিকা আমি আপোনালৈ লৈ আনিছো –

পালেং শাক

পালেং শাকত কেৰোটেনইড উপাদান পোৱা যায়। কেৰোটেনইডে শৰীৰত কলেষ্ট্ৰৰেলৰ মাত্ৰা কমাই ৰখাত সহায় কৰে।

অ’টছ

দৈনিক এবাটিকৈ অ’টছ গ্ৰহণ কৰি আমি বেয়া কলেষ্টৰেলৰ মাত্ৰা কমাব পাৰোঁ। অ’টছত দ্ৰবীভূত আঁহযুক্ত পদাৰ্থ থকাৰ লগতে ই এক দীৰ্ঘ সময়ৰ বাবে আমাৰ পেটতো ভৰাই ৰাখে।

বাদাম

চীনাবাদাম (পীনাট), আলমণ্ড, ৱালনাট আদি বাদামে আমাৰ হৎপিণ্ড ভালে ৰখাৰ লগতে LDL –ৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে।

আপেল

আপেলত পেক্টিন নামৰ এবিধ পদাৰ্থ থাকে। এই পদাৰ্থ বিধে   LDL –ৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। দৈনিক এটাকৈ আপেল খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়।

মাহজাতীয় শস্য

মাসং আদি খোৱাতকৈ মাহজাতীয় শস্য খোৱাত অধিক গুৰুত্ব দিয়ক। বিভিন্ন ধৰণৰ বিন আদি মাহজাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে দ্ৰবীভূত আঁহযুক্ত পদাৰ্থ থাকে। সেই সমূহে বেয়া কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে।

লগতে পঢ়ক : পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে চৰণজিত সিং চন্নীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply