হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ (এইচপিচিএল) কাগজকল নিলাম প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু লিকুইডেটৰে জাননী দিছে যে ৩০ জুন, ২০২১ তাৰিখে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কাগজকল নিলাম অনুষ্ঠিত হ’ব।
প্ৰতিবেদন অনুসৰি, নিলাম প্ৰক্ৰিয়াটো এম টি এছ ই কমাৰ্চ ডট কম (mtsecommerce.com) নামৰ অনলাইন ৱেবচাইটত অনুষ্ঠিত কৰা হ’ব। ই এম ডিৰ পৰিমাণ ৫৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে যদিও সংৰক্ষিত মূল্য ১,১৩৯ কোটি টকা আৰু নিম্নতম বৰ্ধিত নিবিদা ১ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। ২০১৯ চনৰ মে’ মাহত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণে (এনচিএলটি) অসমত হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ অধীনত কাগজকল দুটাক ধন পৰিশোধ কৰাৰ নিৰ্দেশ দিছিল।
ইউনিয়নৰ যুটীয়া কাৰ্য সমিতিৰ সম্পাদক আনন্দ বৰদলৈয়ে কয় যে, “দুয়োটা মিলৰ চাকৰিৰ পৰা অব্যাহতি দিয়া কৰ্মচাৰীসকলে চৰকাৰৰ এই সিদ্ধান্তক অস্বীকাৰ কৰাৰ লগতে গৰিহণা জনাইছে। বৰদলৈয়ে লগতে সংঘৰ সদস্যসকলৰ সৈতে মিলি নিজ নিজ উকীলৰ লগত আলোচনা কৰিব আৰু উক্ত বিষয় সন্দৰ্ভত উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
হিন্দুস্তান কাগজ নিগমে Alloy & Metal Pvt Ltd ক প্ৰাপ্য ৯৮ লাখ টকা সময়ত নিদিয়াৰ বাবে আৰু এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ পৰিণতিত অসমৰ দুটা বৃহৎ কাগজ কল নিলাম কৰাৰ বাবে পদক্ষেপ আৰম্ভ হ’ল।
অসমৰ ঔদ্যোগিক খণ্ডৰ বাবে অতি ভয়ংকৰ বিষয়। নগাঁও কাছাৰ কাগজ কল দুটাক নিলাম কৰাৰ বাবে হিন্দুস্তান কাগজ নিগমে ১ জুনত বিজ্ঞাপন প্ৰকাশ কৰিছে। দুয়োটা কাগজ কলক দেউলীয়া ঘোষণা কৰি নিলাম কৰাৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণত গোচৰ চলি আছিল।
২০১৯ ৰ ২ মে’ত নিলাম ঘোষণা কৰাত কাগজ কলৰ শ্ৰমিক সংগঠনে ন্যায়াধিকৰণত প্ৰত্যাহ্বান জনোৱাত নেচনেল কোম্পানী এপেলেট ট্ৰিবিউনেলে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ নিৰ্দেশনা খাৰিজ কৰি কাগজ কল দুটা কাৰ্যক্ষম কৰিহে নিলাম কিম্বা বিক্ৰী কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল। এনে অৱস্থাত কাগজ কল দুটাৰ নিলামৰ বাবে এতিয়া বিজ্ঞাপন দিয়াটো লক্ষনীয় বিষয়।
প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী,শাসকগোষ্ঠীৰ লগতে কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি, ৰাজ্যৰ দল-সংগঠন আৰু অসমীয়াৰ দাবী-আন্দোলনক নস্যাৎ কৰি দুটা ৰাজহুৱা খণ্ডৰ বৃহৎ উদ্যোগ নিলাম কৰিবলৈ গৈছে মোডী চৰকাৰে।২০১৯ ৰ ১০ ছেপ্টেম্বৰত অসম চৰকাৰে কল দুটা পুনৰুজ্জীৱিত কৰিব বুলি ন্যায়াধিকৰণত শপতনামা দিছিল যদিও সময়ত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে।
লগতে পঢ়ক চিকিৎসক আৰু চিকিৎসাকৰ্মীক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত ৰাজ্যজুৰি বহি বিভাগৰ কামৰ পৰা বিৰত আছে চিকিৎসক