কাজিৰঙা : কঁহৰা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা ৫০ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট কঢ়িয়াই অনা এখন ১১০৯ নম্বৰৰ কন্টেইনাৰ গাড়ী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী দিশে গৈ থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়৷
তদন্তৰ অন্তত কহঁৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিভূৱণ শইকীয়াই জানিবলৈ দিয়া মতে এ.এচ.০১-এইচ.চি-২৫৯৯ নম্বৰৰ তিনিচুকীয়াৰ পৰা অহা ১১০৯ নম্বৰৰ কন্টেইনাৰখনে যোৰহাটৰ গড়আলিস্থিত এম.এচ. ৰোহিনী এন্টাৰপ্ৰাইজ আৰু যোৰহাটৰ চিনামৰাৰ অ’.এন.জি.চি.ৰ সমীপৰ এম.এচ. জি.এচ. এন্টাৰপ্ৰাইজ নামৰ ব্যৱসায় প্ৰতিষ্ঠান দুটাৰ পৰা এই চিগাৰেটৰ পেকেটসমূহ কন্টেইনাৰখনত উঠাইছিল৷
১০ টাকৈ বৃহৎ কার্টনত চিগাৰেটসমূহ পেকেট কৰা আছিল৷ জানিব পৰা অনুসৰি, কার্টনৰ ভিতৰত থকা একোটা সৰু চিগাৰেটৰ পেকেটৰ ভাৰতীয় বজাৰ মূল্য ৩৪০ টকা৷ সেই হিচাপে ইয়াত অহা বৃহৎ পৰিমাণৰ চিগাৰেটখিনি প্ৰায় ৫০ লাখ টকা মূল্যৰ হ’ব বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
লক্ষ্যণীয়ভাৱে, সামগ্ৰীখিনি পৰিবহন কৰিছিল ৰিভিগ’ নামৰ এটা কুৰিয়াৰ চার্ভিছে ৷
কঁহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিভূৱন শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে কালি নিশা জব্দ কৰাৰ সময়ত গাড়ীত কাপোৰ লৈ অহা বুলি ভুৱা ইনভইচ দেখুৱাই আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীৰ সন্দেহ হোৱাত কুৰিয়াৰ সেৱা প্ৰতিষ্ঠানটোৰ এজন লোকৰ উপস্থিতিত কন্টেইনাৰখনৰ তলা ভঙাত ভিতৰত জোলোঙাৰ মেকুৰি ওলাই পৰে৷
জব্দ কৰা চিগাৰেটখিনি ম্যানমাৰৰ পৰা ইন্দোনেচিয়া হৈ নাগালেণ্ডৰ মাজেৰে মৰিয়নিত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে কুৰিয়াৰ চার্ভিছটোৰ এজন অধিকাৰীৰ লগতে কন্টেইনাৰখনৰ চালকজনক আটক কৰিছে।
ঘটনা সম্পৰ্কত অধিক তথ্যৰ বাবে কঁহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিভূৱন শইকীয়াৰ নেতৃত্বত তদন্ত অব্যাহত ৰাখিছে।
ইফালে, বোকাখাতৰ নুমলীগড়ত এটা শুল্ক বিভাগ থকাৰ পিছতো কেনেদৰে চৰকাৰক লাখ লাখ টকাৰ কৰ ফাঁকি দি এনে বৃহৎ পৰিমাণৰ অবৈধ সামগ্ৰী সৰবৰাহ হ’ব পাৰিছে তাক লৈ সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে৷ বিষয়টোৰ সন্দর্ভত ৰাইজে অধিক তদন্তৰ দাবী জনাইছে৷
লগতে পঢ়ক : বক্সাৰ যমুনা বড়ো,আৰ্ছাৰী খেলুৱৈ সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক ৰূপে নিযুক্তি