গুৱাহাটীঃ অসম আৰক্ষীৰ বৃহৎ সাফল্য। ডাক বিভাগৰ এখন বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট।এক বিশেষ সূত্ৰৰ ভিত্তিত, চাংসাৰী আৰক্ষীয়ে বাইহাটা চাৰিআলিৰ মদনপুৰ টোলগেটত তালাচী চলাইছিল। আৰক্ষীয়ে ভাৰতীয় ডাক বিভাগৰ এইচআৰ ৫৫ এল ৮৮০২ নম্বৰৰ এখন বাহনৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট। চিগাৰেটবোৰ মিজোৰামৰ পৰা দিল্লীলৈ পাৰ্চেল হিচাপে পৰিবহন কৰা হৈছিল। আৰক্ষীয়ে বাহনখনৰ চালক আৰু হেণ্ডিমেনকো গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়কঃচান্দমাৰী উৰণীয়া সেঁতুৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা মহিলাৰ
জব্দ কৰা বিদেশী চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় ১৬ লাখ টকা। উল্লেখ্য যে, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্বত এই অভিযানটো চলিছিল।