আমচৈ আৰক্ষীয়ে আটক কৰিছে হস্তনিৰ্মিত বন্দুকসহ এটা চোৰাংচিকাৰীক। জেকী বাৰ্থ চাংমা নামৰ চোৰাং চিকাৰীটোক গোপন সুত্ৰৰ পম খেদি আটক কৰে আৰক্ষীয়ে।

ৰহাৰ আমচৈ গাৰোগাঁৱত চলা অভিযানত অভিযানত আটক কৰে চোৰাংচিকাৰীটোক। ধৃত চাংমাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটা হস্তনিৰ্মিত পিষ্টল আৰু ৮জাঁই সজীৱ গুলী।


আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুখন খুকুৰি আৰু দুখন তৰোৱাল। দীৰ্ঘদিন ধৰি পহুকে ধৰি বন্যপ্ৰাণী হত্যাৰ লগত জড়িত আছিল জেকী।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আটকাধীন চাংমাই পশ্চিম কাৰ্বিআংলঙৰ বনাঞ্চলত পথদস্যু হিচাপে দুষ্কাৰ্য কৰি অহাৰ লগতে বন্যপ্ৰাণীৰ চোৰাং চিকাৰৰ লগটো জড়িত হৈ আছিল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply