গোৱালপাৰা : গোৱালপাৰাৰ ৰংজুলিত বন বিভাগৰ অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে অভিযান। অভিযানত প্ৰায় পাঁচ লক্ষাধিক টকাৰ কাঠফলা কলসহ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ। গোৱালপাৰা জিলা বন বিভাগৰ ৰংজুলি আঞ্চলিক বন বিভাগে অঞ্চলটোৰ কেইবাটাও স্থানত অভিযান চলাই তিনিটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ মূল্যবান গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

ৰংজুলি আঞ্চলিক বন বিভাগৰ আঞ্চলিক বন বিষয়া ছেলিম আহমেদৰ নেতৃত্বত বন বিভাগৰ এটা দলে দৰংগিৰিৰ জাকুৱাপাৰা আৰু ধূপধাৰাৰ দিঘলীকে ধৰি তিনিটা স্থানত অভিযান চলাই তিনিটা অবৈধভাৱে চলি থকা কাঠফলা মিল উৎখাত কৰে। বন বিভাগৰ দলটোৱে লগতে তিনিওটা স্থানৰ পৰা ডেৰ লক্ষাধিক টকাৰ মূল্যবান গছৰ কুণ্ডা জব্দ কৰে।

আৰু পঢ়কঃ বাক্সাত গাঞ্জাসহ আটক এজন

অবৈধ কাঠফল মিল কেইটাৰ যন্ত্ৰ আৰু গছৰ কুণ্ডা সমুহ বন বিভাগে ধূপধৰাৰ কাঠ ভড়ালত মজুত কৰি ৰাখিছে হৈছে। ৰংজুলি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত এলেকা সমুহত একাংশ লোকে অবৈধভাৱে গছৰ ৰমৰমীয়া বেহা কৰি আছে তাকে যেন প্ৰমাণ কৰিলে বন বিভাগৰ এই অভিযান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply