মানকাচৰ: বিভিন্ন দল সংগঠনৰ অভিযোগৰ অন্তত অৱশেষত সাৰ পালে বন বিভাগে। মানকাচৰৰ অসম মেঘালয় সীমান্তবৰ্তী পূৰ্বাঞ্চলত অবৈধ কাঠফলা মিল আৰু চোৰাং কাঠৰ বিৰুদ্ধে ধুবুৰী জিলা বন বিভাগে আৰম্ভ কৰিছে অভিযান।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত প্ৰায় ৩০ ৰ পৰা ৪০ টা অবৈধ কাঠফলা মিলে চলাই আহিছে বনাঞ্চল ধ্বংসৰ অভিযান।

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ বন সম্পদ ধ্বংস কৰি মানকাচৰৰ একাংশ ধুৰন্ধৰ চোৰাং কাঠৰ ব্যৱসায়ী সকলে চলাই গৈছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। যোৱা সময় চোৱাত এই বিষয়টোক লৈ বহুবাৰ অভিযোগ দিয়াৰ পিছতো বন বিভাগে গুৰুত্ব দিয়া নাছিল।
শেহতীয়াকৈ অবৈধ কাঠফলা মিলত এই চোৰাং কাঠৰ কুণ্ডা সমূহ ফালি প্ৰতি দেওবাৰে জিলাৰ সদৰ হাটশিঙিমাৰিস্থ খাৰুৱাবান্ধা সপ্তাহিক বজাৰ, দক্ষিণ শালমাৰাৰ পাটাকাটা সপ্তাহিক বজাৰ, শুক্ৰবাৰে দক্ষিণ শালমাৰাৰ পাৰ্শ্বৱৰ্তী মাগুৰমাৰী সপ্তাহিক বজাৰ, অসম মেঘালয় সীমান্তবৰ্তী পুঠিমাৰী সাপ্তাহিক বজাৰকে ধৰি কেবাটাও স্থানত বিক্ৰী কৰে এই চোৰাং কাঠসমূহ।

সকলো দেখিও নেদেখাৰ ভাও জুৰি থকাৰ অভিযোগ মানকাচৰ আৰু হাটশিঙিমাৰী বন বিভাগৰ বিৰুদ্ধে।
অৱশেষত ধুবুৰী জিলা বন বিভাগৰ পৰা উপ বন সংপালক ছালাম উদ্দীন সৰকাৰৰ নেতৃত্বত বন বিভাগৰ দল আহি মানকাচৰত বাহৰ পাতি বিগত তিনি দিন ধৰি চোৰাং কাঠৰ ঘটি সমূহত চলাইছে অভিযান।

বন বিভাগৰ এই অভিযানত বন কৰ্মীৰ উপৰিও আৰক্ষী, জিলা প্ৰশাসনে সহযোগ কৰিছে। বন বিভাগ আৰু জিলা কাৰ্যবাহী দণ্ডাধীশ বিষয়া তুলসী ৰঞ্জন কলিতাৰ নেতৃত্বত অভিযানকাৰী দলটো প্ৰথম দিনা অসম মেঘালয় সীমান্তবৰ্তী ফুটামাৰী পাহাৰত অভিযান চলায়। প্ৰথম দিনৰ এই অভিযানত এটা অবৈধ কাঠফলা মিলা, এটা মহিন্দ্ৰা পিক আপ ভেন সহ প্ৰায় ২০০ চেফটি কাঠৰ কুণ্ডা জব্দ কৰি দুখন অবৈধ কাঠফলা মিল উচ্ছেদ কৰে।
দ্বিতীয় দিনা অভিযানকাৰী দলটো মেঘালয় সীমান্তবৰ্তী চাটিভূঁই আৰু কুৰালভাঙা এলেকাত অভিযান চলায়। মুঠ ৪ টা অবৈধ কাঠফলা মিল উচ্ছেদ কৰি প্ৰায় ৩০০ চেফটি কাঠৰ কুণ্ডা জব্দ কৰে।

বিগত দুটা দিনত মাত্ৰ ৬ খনকৈ অবৈধ কাঠফলা মিলৰ পৰাই প্ৰায় ৬ লাখ টকাৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিছে বন বিভাগে।

প্ৰতিটো অবৈধ কাঠফলা মিল উচ্ছেদ কৰা হব বুলি বন বিভাগে জানিবলৈ দিছে। ইফালে ইতিমধ্যে বন বিভাগৰ এই অভিযানকাৰী দলটো ধুবুৰীৰ পৰা জিলা খনত বাহৰ পাতি অভিযান চলাই থকাৰ খবৰ পাই চোৰাং ব্যৱসায়ী সকলে মিলত জমা কৰা কাঠ স্থানান্তৰ কৰি গোপন কৰাৰ চেষ্টা চলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply