ৰূপহীহাট : চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।ৰূপহীহাটত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলিল বন বিভাগৰ অভিযান। উদ্ধাৰ বহু চৰাই।

লাওঁখোৱা অভয়াৰন্যৰ গড়াজান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত ৰূপহীহাটত বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে এক অভিযান চলায়। নিশা গড়াজান বনাঞ্চলিক কাৰ্যালয়ৰ বন বিভাগৰ এটা দলে ৰূপহীহাটৰ দীঘলীত এই অভিযান চলায়।

অভিযানকালত বন বিভাগৰ দলটোৱে বহু কেইটা চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চোৰাং চিকাৰীৰ দলে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ’ ৰেকৰ্ডাৰো জব্দ কৰে বন বিভাগৰ দলে। চোৰাং চিকাৰীয়ে চৰাই চিকাৰ কাৰ্যত ব্যৱহাৰ কৰে এই সমূহ অত্যাধুনিকতা অডিঅ’ ৰেকৰ্ডাৰ।

লগতে পঢ়ক :  উপ নিৰ্বাচন : আজি মনোনয়ন দাখিলৰ অন্তিম দিন

অৱশ্যে অভিযানত কোনো চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগৰ দলটোৱে। উল্লেখ্য যে পূৰ্বেও বন বিভাগে অঞ্চলটোত অভিযান চলাই চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply