হোজাই : হোজাইত ভয়ংকৰ ঘটনা। হোজাইত বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন বনকর্মী। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ বনকর্মীজনক।

ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী মানুহৰ সংঘাত। বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ পুনৰ এক ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গ’ল হোজাই জিলাত লংকাত।

বনৰীয়া হাতীৰ জাকক খেদিবলৈ যোৱা বনকৰ্মীৰ ওপৰত হাতীৰ জাকৰ আক্ৰমণ। বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে এজন বনকর্মী। আহত বনকর্মীজনৰ নাম শিৱজিৎ শৰ্মা।

লগতে পঢ়ক : ফিলিপাইনছত টাইফুনৰ তাণ্ডৱ; নিহত সংখ্যা ৩৭৫ গৰাকীলৈ বৃদ্ধি

বনৰীয়া হাতীৰ আক্ৰমণত আহত শিৱজিৎ শৰ্মা নামৰ বনকর্মী জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে অঞ্চলটোত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বিগত কিছুদিন ধৰি সন্ত্ৰাস চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply