প্ৰতিনিধিত্বমূলক ফটো

কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। উদ্যানখনৰ এজন বন কৰ্মীয়ে আত্মহত্যা কৰিছে কাজিৰঙাত। প্ৰবীণ শইকীয়া নামৰ বন কৰ্মী জনে নিজৰ বন্ধুকেৰে নিজকে গুলীয়াই আত্মহত্যা কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰীৰ ডাফলং বন শিবিৰত এজন বন কৰ্মীয়ে আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বন শিবিৰত থকা প্ৰবীণ শইকীয়া নামৰ বন কৰ্মী জনে গুলীয়াই আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : বিশিষ্ট অধিবক্তা তথা ক্ৰীড়া সংগঠক নিলয় দত্তৰ দেহাৱসান

অৱশ্যে এতিয়াও আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। বন বিভাগ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। শনিবাৰে নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,329 other subscribers

Leave a comment

Leave a Reply