গুৱাহাটী : শিলচৰত অনুস্থিত এক পৰ্যালোচনা সভাত পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰাক উপত্যকাৰ তিনিওখন জিলাৰ বন বিভাগৰ বিভিন্ন আঁচনি আৰু প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয়। কাছাৰ জিলাৰ উপায়ুক্তৰ কনফাৰেন্স গৃহত বিধায়ক, উপায়ুক্ত, মুখ্য বন সংৰক্ষক আৰু বন বল মুৰব্বী, চিচিএফ আৰু বন সংমণ্ডল বিষয়াৰ সৈতে হোৱা সভাত অধ্যক্ষতা কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্তব্য কৰে যে বন বিভাগৰ মাটি যাতে কোনোৱে বেদখল কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব।
মন্ত্ৰী গৰাকীয়ে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ প্ৰতিৱেশী ৰাজ্য মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চলৰ বেদখল সম্পৰ্কীয় বিষয়ৰো বুজ লয়। বন্যভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰা বিষয়েও এই সভাত আলোচনা কৰা হয়। মন্ত্ৰী গৰাকীয়ে গ্ৰামাঞ্চলত বিশেষ দৃষ্টি ৰাখিবলৈ জিলা প্ৰশাসন আৰু বন বিষয়াক নিৰ্দেশ দিয়ে যাতে বাহিৰৰ পৰা কোনো ব্যক্তি আহি খোপনি পুতিব নোৱাৰে আৰু যদি কোনোবাই বসবাস কৰি আছে তেতিয়াহ’লে সম্পূৰ্ণ আইন-পৰিচালনা মানি চলিব লাগিব। শুক্লবৈদ্যই অগ্ৰাধিকাৰভাৱে উপত্যকাৰ তিনিওখন জিলাত বিশেষকৈ বৰ্ষাকালত বৃক্ষৰোপণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
অবৈধভাৱে বনাঞ্চলত গছ কটাত জড়িত আৰু অবৈধভাৱে কাঠ কটা মিল চলাই থকা সকলৰ বিৰুদ্ধে তাক্ষণিকভাৱে কঠোৰ পদক্ষেপ ল’বলৈ আৰু প্ৰাসংগিক আইনৰ বিধি অনুযায়ী গোচৰ ৰুজু কৰিবলৈ মন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। সংঘৱদ্ধ আৰু ব্যৱহাৰিক পদক্ষেপৰ দ্বাৰা বনসংমণ্ডল বিষয়া আৰু আঞ্চলিক বন বিষয়াসকলক জিলা প্ৰশাসনৰ সৈতে সহযোগিতা কৰি কাছাৰ, কৰিমগঞ্জ জিলাত সকলো অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ লগতে বনাঞ্চল বেদখল মুক্ত কৰা আৰু বনানীকৰণৰ সফল ৰূপায়ন কৰি অসমক এক প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ মন্ত্ৰীয়ে আহ্বান জনায়।
লগতে পঢ়ক : কামৰূপ জিলাৰ কেইবাটাও বিভাগে সম্পন্ন কৰিললগীয়া কাৰ্যসমূহৰ বুজ লয় জিলা উপায়ুক্তই
সভাখনত বালি মহলসমূহৰ বৰ্তমানৰ পৰিস্থিতিৰ উপৰিও ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ বাবে নতুন মহল সৃষ্টি কৰাৰ বিষয়ে আলোচনা কৰা হয়। বৰাক উপত্যকাত এক বন্যপ্ৰাণী সংমণ্ডল মুকলি কৰা বিষয়তো আলোচনা হয় আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জ্যেষ্ঠ বিষয়াসকলক এই প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। বিধায়ক দিপায়ন চক্ৰৱৰ্তী, মিহিৰ কান্তি সোম, কৌশিক ৰায়, উপায়ুক্ত কীৰ্তি জল্লি, মুখ্য বনসংৰক্ষক আৰু বনবল মুৰব্বী, এ এম সিং, বৰাক উপত্যকাৰ বনসংৰক্ষক, যতিন শৰ্মা, বন সংমণ্ডল বিষয়া, শিলচৰ, ছানি দেৱ চৌধুৰী, কৰিমগঞ্জৰ বন সংমণ্ডল বিষয়া, জয়নুৰ আলী, হাইলাকান্দিৰ বন সংমণ্ডল বিষয়া, মন্তাজ আলী ৰ লগতে অন্যান্য বনাঞ্চলিক বিষয়াও এই সভাত উপস্থিত থাকে।