গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানা আৰু বটানিকেল গাৰ্ডেনত শুকুৰবাৰে পৰিৱেশ আৰু বন মন্ত্ৰী, পৰিমল শুক্লবৈদ্যই চিৰিয়াখানা ৰক্ষাকৰ্মী আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ বুজ লয়। মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী), ড০ অমিত চাহাই আৰু অসম ৰাজ্যিক চিৰিয়াখানা আৰু বটানিকেল গাৰ্ডেনৰ বনসংমণ্ডল বিষয়া, তেজাস মৰিস্বামীৰ সহিতে পৰিভ্ৰমণ বিভিন্ন বেষ্টনীত থকা জন্তুসমূহৰ স্বাস্থ্যৰ বিষয়ে খবৰ লয়। “ বৰ্তমান পৰ্যন্ত, কোনো জীৱ-জন্তুৱে বেমাৰত আক্ৰান্ত হোৱা নাই আৰু আটাইখিনি জন্তু আৰু চৰাই সম্পূৰ্ণ সুস্থ আছে।” তেখেতে জনায়।

মন্ত্ৰী গৰাকীয়ে চিৰিয়াখানৰ সুৰক্ষা কৰ্মীসকলৰো স্বাস্থ্যৰ বিষয়ে বুজ লয় আৰু এই অতিমাৰীৰ সময়তো নিষ্ঠাৰে চিৰিয়াখানাৰ বন্যপ্ৰাণীৰ সেৱা-শুশ্ৰুসা অব্যাহত ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ১১ জন চিৰিয়াখানা কৰ্মী ক’ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ১ জন কৰ্মী বৰ্তমানো ক’ভিড পজিটিভ হৈ পৃথককৈ আছে। ক’ভিড-১৯ অতিমাৰীৰ বাবে এই বৰ্ষৰ ২৮ এপ্ৰিলৰ পৰাই ৰাজ্যিক চিৰিয়াখানাখন দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছে।সংবাদকৰ্মীৰ সৈতে বাৰ্তালাপ কৰি, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জনাই যে চিৰিয়াখানাত ক’ভিড-১৯ সংক্ৰমণ ৰোধ কৰিবলৈ খাদ্যসামগ্ৰী বীজাণুমুক্ত কৰাৰ লগতে সম্পূৰ্ণ নিৰ্দেশাৱলী মানি চলা হৈছে।

মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে তৃণভোজী জন্তুসমূহৰ বাবে হাইড্ৰ’পনিক পদ্ধতিৰে সাত দিনৰ ভিতৰতে সতেজ ঘাঁহৰ ব্যৱস্থা কৰা হৈছে। এটা খৰ্গৰ গড়, হৰিণা, নীলগাই আদিক এই হাইড্ৰ’পনিক পদ্ধতিৰে তৈয়াৰ কৰা সতেজ ঘাঁহ নিয়মিতভাৱে যোগান ধৰা হৈছে। লগতে দুটাকৈ ব্লেক পেন্থাৰৰ পোৱালি জন্ম হোৱাৰ বতৰা সকলোৰে লগত বিনিময় কৰি তেওঁ কয় যে ডেৰ মাহ আগত এই অতিমাৰীৰ মাজতে আৰু দুটা পোৱালি জন্ম পাইছিল। মন্ত্ৰী গৰাকীয়ে জনাই যে ৰিলায়েন্সৰ লগত হোৱা বুজাবুজিৰ চুক্তি অনুযায়ী দুটা ব্লেক পেন্থাৰৰ বিনিময়ত ইজৰাইলৰ পৰা চাৰিটাকৈ জেব্ৰা ৰাজ্যিক চিৰিয়াখানালৈ অনা হ’ব। লগতে চেক ৰিপাব্লিকৰ পৰা চাৰিটিকৈ বগা দেউকাৰ দেওহাঁহ আহি পাব। নতুনকৈ আহিব লগীয়া জীৱ-জন্তুসমূহৰ বাবে বেষ্টনী প্ৰায় সাজু হৈ উঠিছে।

মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে এপ্ৰিল মাহৰ পৰা দৰ্শনাৰ্থীৰ বাবে চিৰিয়াখানা বন্ধ থকাৰ ফলত ৰাজহ সংগ্ৰহ হোৱা নাই যদিও প্ৰাণীসমূহ আৰু চিৰিয়াখানাৰ সুৰক্ষাকৰ্মীৰ স্বাৰ্থত চিৰিয়াখানা মুকলি কৰি দিয়াৰ কোনো তৎকাল পৰিকল্পনা নাই। “ ক’ভিড পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত চিৰিয়াখানা মুকলি কৰাৰ কোনো তাৎক্ষণিক পৰিকল্পনা নাই,” মন্ত্ৰী গৰকীয়ে ব্যক্ত কৰে। আনহাতে, বন সংমণ্ডল বিষয়া, মৰিস্বামীয়ে কয় যে ৰাজ্যিক চিৰিয়াখানাৰ চৌহদত প্ৰৱেশ কৰিবলগীয়া সকলোৱে তেওঁৰ পৰা অনুমতি পত্ৰ ল’ব লাগিব আৰু মুখ্য দ্বাৰত প্ৰৱেশকাৰীৰ দেহৰ উষ্ণতা পৰীক্ষা কৰা হ’ব। ৰেছন সৰবৰাহীয়ে খাদ্য যোগানৰ লগত জড়িতসকলৰ ক’ভিড-১৯ পৰীক্ষাৰ ৰিপ’ৰ্ট দাখিল কৰিব লাগিব। “সামগ্ৰীসমূহ গৰম পানীত পৰিষ্কাৰ কৰা, ভিৰ্কন স্প্ৰে কৰা আদি সকলো প্ৰয়োজনীয়া সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

লগতে পঢ়ক  : আৰ এছ এছৰ প্ৰধান মোহন ভগৱতক সাক্ষাৎ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিৰ্দেশাৱলী অনুযায়ী, সমূহ বেষ্টনীত দৈনিক ভিৰ্কন স্প্ৰে কৰা হৈছে আৰু চিৰিয়াখানাত প্ৰৱেশ কৰা যানবাহনসমূহ ভিৰ্কনৰ দ্বাৰা বীজাণুমুক্ত কৰা হৈছে। “জীৱ-জন্তুৰ যত্ন লোৱাৰ প্ৰাকমূহুৰ্তত সকলো তত্বাৱধায়কৰ দেহৰ উষ্ণতাৰ পৰীক্ষা কৰা হয়।” বাঘৰ ক্ষেত্ৰত ক’ভিড-১৯ ৰ সৈতে সামঞ্জস্য থকা বিভিন্ন লক্ষণ যেনে নাকেৰে দ্ৰব্য নি:সৰণ হোৱা, কাঁহ আৰু উশাহ-নিশাহত কষ্ট পোৱা আদি প্ৰত্যক্ষ পৰ্যবেক্ষণৰ দ্বাৰা সম্ভৱপৰ নজৰত ৰখা হৈছে,” বনসংমণ্ডল বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply