বৰপেটা : বনমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱ, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক অমল শৰ্মাসহ বন বিভাগৰ এটা দল শিলাত উপস্থিত হৈ চৰাই নিধন হোৱা কঠিয়াতলি পৰিদৰ্শন কৰাৰ লগতে ঘটনাটোৰ বিষয়ে বুজ লয়৷।মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱে শিলাৰ ঘটনাস্থলী পৰিদৰ্শন কৰি চৰাই নিধনৰ ঘটনাটো আৰক্ষীৰ পৰিৱৰ্তে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এ চি এফ বিষয়া ৰণজিৎ দত্তক তদন্তৰ দায়িত্ব প্ৰদান কৰে৷
এচিএফ ৰণজিৎ দত্তক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত সমগ্ৰ ঘটনাটোৰ তদন্ত চলাই অতি শীঘ্ৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈকো নিৰ্দেশ প্ৰদান প্ৰধান মুখ্য বন সংৰক্ষক গৰাকীয়ে৷ ইপিনে বন বিভাগৰ গোচৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে আটক কৰা মান্নান আলীক বন বিভাগক জিম্মাত লবলৈ নিৰ্দেশ দিয়াৰ লগতে ঘটনাটোৰ সৈতে জড়িত আন অভিযুক্ত সকলকো গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰদান কৰে মুখ্য বন সংৰক্ষক গৰাকীয়ে৷
লগতে পঢ়ক : বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোহাঁই
আনহাতে বন্যপ্ৰাণী থাকিলেহে মানৱ জাতি জীয়াই থাকিব বুলিও মন্তব্য কৰি মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱে কয় যে এনে ধৰণৰ ঘটনা যাতে পুনৰ নহয় ইয়াৰ বাবে সচেতন ৰাইজে লক্ষ্য ৰাখিব লাগিব। উল্লেখ্য যে কিছুদিন পূৰ্বে বৰপেটা জিলাৰ শিলাত খেতি পথাৰত বিহ মহিলাই দুষ্কৃতিকাৰীয়ে শ শ চৰাই নিধন কৰিছে।