গুৱাহাটী : প্ৰাক্তন ছাত্ৰ নেতা তথা সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্তমানৰ সচিব প্ৰধান মৃণাল দাসৰ দেহাৱসান। শনিবাৰে পুৱা ৭ বাজি ৩੦ মিনিটত তেঁও শেষ নিস্বাস ত্যাগ কৰে। শাৰীৰক অসুস্থতাৰ বাবে তেওঁ বিগত কিছুদিন ধৰি গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

মূলতঃ হৃদৰোগ আৰু মধুমেহ সম্পৰ্কীয় সমস্যাৰ বাবে তেওঁ চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি আছিল। উল্লেখ্য যে প্ৰয়াত মৃণাল দাস তামুলপুৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক আছিল। ইয়াৰ লগতে নাগ্ৰীজুলী উন্নয়ন খণ্ডৰ কৰ্মচাৰী আছিল দাস।

আৰু পঢ়কঃ ব্ৰজপাত নে অন্য কাৰণ? নগাঁৱৰ ১৮টা হাতীৰ মৃত্যুৰ প্ৰসংগত

তেওঁ মঞ্চ অভিনয়ৰ লগতে চিনেমাতো অভিনয় কৰি নিজৰ অভিনয় প্ৰতিভাৰ পৰিচয় দিছিল। মৃণাল দাসৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply