নিউজ ডেস্ক : দীৰ্ঘদিন ধৰি দিল্লীত বাহৰ পাতি থকাৰ অন্তত শুকুৰবাৰে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সন্ধিয়া প্ৰধান মন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হয় সোনোৱাল।
প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰাৰ পূৰ্বে সৰ্বানন্দ সোণোালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এক সৌজন্যমূলক সাক্ষাৎ কৰে।
অসমৰ পৰা গৈ দিল্লীত বাহৰ পতা সোণোৱালে কিছুদিনৰ আগতে বিজেপিৰ সভাপতি জেপি নাড্ডাকো সাক্ষাৎ কৰিছিল ।
উল্লেখ্য যে কেন্দ্ৰীয় নেতৃত্বই দিল্লীলৈ আমন্ত্ৰণ জনাইছিল সৰ্বানন্দ সোণোৱালক। কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান প্ৰাপ্তিক লৈ নেতৃত্বৰে আলোচনা হোৱাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক : জিঅ’য়ে মুকলি কৰিব জিঅ’ৰ নতুন ৫জি ম’বাইল
উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচনত দলে জয়লাভ কৰে যদিও মুখ্য মন্ত্ৰী পদ ত্যাগ কৰিব লগা হয় সৰ্বানন্দ সোণোৱালে। সোণোৱালৰ স্থানত নতুন মুখ্য মন্ত্ৰী হয় হিমন্ত বিশ্ব শৰ্মা।
এতিয়া সোণোৱালক কি নতুন দায়িত্ব দিয়া হ’ব তাকে লৈ ৰাজ্যজুৰি চলি আছে আলোচনা ।
বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছে সোণোৱালক মৰ্যাদাসহ উচিত পদবী প্ৰদান কৰা হ’ব। শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে মাজুলীতো উপ নিৰ্বাচন হোৱাৰ সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰিছে |