প্ৰাক্তন বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়া
প্ৰাক্তন বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়া

নিউজ ডেস্কঃ প্ৰাক্তন বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ মৃত্যু। নিজ বাসগৃহতে শেষনিশ্বাস ত্যাগ কৰে মৌচুমী শইকীয়াই।

দীৰ্ঘদিন ধৰি পেটৰ বিষত ভুগি আছিল মৌচুমীয়ে।

লতাশিল খেল পথাৰত অনুষ্ঠিত ২০০১ চনৰ গুৱাহাটী বিহু সন্মিলনৰ সদৌ অসম ভিত্তিত প্ৰতিযোগিতাত বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰিছিল মৌচুমী শইকীয়াই।

মৃত্যুৰ সময়ত মৌচুমীয়ে স্বামী সহ দুই পুত্ৰ সন্তানক এৰি থৈ যায়।

মৌচুমী শইকীয়া বিহু বিশেষজ্ঞ প্ৰসন্ন গগৈৰ পত্নী আছিল।

শইকীয়াৰ বিয়োগ বিহু জগতৰ বাবে অপুৰণীয় ক্ষতি।


প্ৰাক্তন বিহু সম্ৰাজ্ঞী গৰাকীৰ মৃত্যুত বিহু শিল্পী সংস্থাই গভীৰ শোক প্ৰকাশ কৰে। লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply