গুৱাহাটী : বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে। মংগলবাৰে সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰে। সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ পিছত মাজুলীত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।
মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰি নিজৰ পদত্যাগ পত্ৰ বিধানসভাৰ অধ্যক্ষক প্ৰেৰণ কৰে। সৰ্বানন্দ সোণোৱাল মাজুলীৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মাজুলীৰ পৰা নিৰ্বাচিত হৈ সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল।
২০২১ চনত বিধানসভা নিৰ্বাচনত মাজুলীৰ পৰা প্ৰতিদ্বন্দিতা কৰি দ্বিতীয়বাৰৰ বাবে সৰ্বানন্দ সোণোৱাল বিধায়ক হিচাপে নিৰ্বাচিত হয়। অৱশ্যে ২০২১ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰে। ইয়াৰ পিছতে ৰাজ্যসভালৈ নিৰ্বাচিত হৈ সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰে।
লগতে পঢ়ক : নিয়োগ বাৰ্তা : উত্তৰ গুৱাহাটীৰ Faculty Higher Secondary School –ত নিযুক্তি
উল্লেখ্য যে ইতিমধ্যে ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। অহা ৩০ অক্টোবৰত পাঁচটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। মাজুলীৰ বিধায়ক পদৰ পৰা সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ পিছত এতিয়া মাজুলীতো উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।