গুৱাহাটীঃ ভাৰতীয় জনতাপাৰ্টী অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু দলীয় বিষয়ববীয়াৰ সৈতে আজি গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বৈঠকত মিলিত হয়।
ৰাজ্যত দলৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ লগতে ক’ভিড-১৯ মহামাৰীৰ এই জটিল পৰিস্থিতিত দলৰ তৰফৰপৰা জনগণক সহযোগিতা আৰু প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ বিষয়েও আলোচনা কৰা হয়।
আৰু পঢ়কঃপ্ৰতিগৰাকী অসমীয়াৰ হৃদয় জয় কৰা এগৰাকী সুদক্ষ আইপিএছ
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক এই বৈঠকত বিশেষ সম্বৰ্ধনা জনোৱা হয়।