মাজুলী : বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ পিছত এজনৰ পিছত আনজনে এৰিছে কংগ্ৰেছ দল। মৰিয়ানীৰ কংগ্ৰেছ দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছত এইবাৰ কংগ্ৰেছ এৰিলে ৰাজীৱ লোচন পেগুৱে। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ প্ৰস্তুতিত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু।
মাজুলী জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিলে ৰাজীৱ লোচন পেগুৱে। মাজুলীৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে মাজুলী জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলৰ ভিতৰচৰাত সৃষ্টি হৈছে ধুমুহাৰ।
ৰাজীৱ লোচন পেগুৱে বিধানসভাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছতে পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি অসম প্ৰদেশ কংগ্ৰেছ কিমিটিলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। ইফালে মাজুলীৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে অতি শীঘ্ৰে বিজেপিত যোগদান কৰিব বুলি ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।
মাজুলীৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান লাভ কৰিলে মাজুলীত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ৰাজীৱ লোচন পেগুৱে মাজুলীৰ উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে বুলিও চৰ্চা চলিছে।
লগতে পঢ়ক : ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী
উল্লেখ্য যে ৰাজীৱ লোচন পেগু ২০১৬ ৰ বিধানসভাৰ নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ টিকটত প্ৰতিনিধিত্ব কৰি সৰ্বানন্দ সোণোৱালৰ হাতত পৰাস্ত হৈছিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো ৰাজীৱ লোচন পেগু সৰ্বানন্দ সোণোৱালৰ হাতত পৰাস্ত হৈছিল।