নিউজ ডেস্ক– কালি নুনমতী অঞ্চলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। প্ৰাক্তন ডিএছপি প্ৰদীপ বৰুৱাই নুনমতী অঞ্চলৰ পাবজ্যোতি নগৰত নিজ বাসগৃহত আত্মহনন কৰে।
তথ্য অনুসৰি, নিজ বাসগৃহৰ বাৰান্দাত ওলমি থকা অৱস্থাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খৱৰ দিয়ে।
কিছু সময় পাচতে নুনমাটি আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গৌহাটি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল।
উল্লেখ্য যে, মৃত ব্যক্তিজনে কিছুদিন আগতে অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পিছত তেওঁ বিভিন্ন ৰোগতো ভুগিছিল।
ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে।