বটদ্ৰৱা– প্ৰাক্তন মন্ত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৌতম বৰাৰ কংগ্ৰেছ দল ত্যাগ।
প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতেই প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে লয় এই সিদ্ধান্ত।
গৌতম বৰাৰ লগতে দল ত্যাগ কৰিলে বহুতো দলীয় কৰ্মী -সমৰ্থকে।
দলীয় নেতৃত্বৰ অভাৱ আৰু লবী কেন্দ্রীক ৰাজনীতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে।
আৰু পঢ়কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ২৬৭ গৰাকী প্ৰাৰ্থীৰ ১৬ জনেই দশম শ্ৰেণীৰ দেওনা অতিক্ৰম নোহোৱা
সাংসদ গৌৰৱ গগৈৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে বিধায়ক গৌতম বৰাই।
কংগ্ৰেছ দল ত্যাগ কৰি পুনৰ অন্য ৰাষ্ট্ৰীয় দলত যোগদান কৰিব বুলি সংবাদ মেলত বিধায়কগৰাকীয়ে মন্তব্য কৰে ।
লগতে অসমত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব নোৱাৰে বুলিও প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে মন্তব্য কৰে।
আৰু পঢ়কঃ অসমত বাধ্যতামূলক কৰা হৈছে মাস্ক পৰিধান