গুৱাহাটী : ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ পৰলোক। ক’ভিডত আক্ৰান্ত আছিল ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী। ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক গৰাকী দেওবাৰে কভিডত আক্রান্ত হোৱা বুলি ধৰা পৰিছিল। বৃক্কৰ জটিল ৰোগটো আক্রান্ত আছিল ৰাণা গোস্বামী।
ক’ভিডত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী। গুৱাহাটীৰ উজান বজাৰস্থিত নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী। মৃত্যুৰ সময়ত ছয়গাঁৱৰ বিধায়ক গৰাকীৰ বয়স আছিল ৮০ বছৰ। প্ৰয়াত ৰাণা গোস্বামীয়ে পত্নী, পুত্ৰ-বোৱাৰী, জী-জোঁৱাই আৰু নাতি-নাতিনীক এৰি থৈ যায়।
উল্লেখ্য যে প্ৰয়াত ৰাণা গোস্বামী ২০০১ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ ছয়গাঁও সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিপুল ভোটত জয়ী হ’বলৈ সক্ষম হৈছিল। তেওঁ ১৯৯১ চনতো ছয়গাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছিল যদিও ১৯৯১ চনত পৰাজিত হৈছিল।
ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক, বিশিষ্ট ক্ৰীড়া সংগঠক ৰাণা গোস্বামীৰ বিয়োগত মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰে। ৰাণা গোস্বামীৰ মৃত্যুক অসমৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি হিচাপে অভিহিত কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গভীৰ সমবেদনা জ্ঞাপন কৰে।
আৰু পঢ়কঃ ভাল খবৰ : ২৭ দিনৰ পিছত দেশত কিছু নিয়ন্ত্ৰণলৈ আহিছে ক’ভিড সংহাৰী ৰূপ
ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক, বিশিষ্ট ক্ৰীড়া সংগঠক ৰাণা গোস্বামীৰ বিয়োগত কংগ্ৰেছ দলে এগৰাকী নিষ্ঠাবান আৰু বলিষ্ঠ নেতাক হেৰুৱালে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছ দলৰ হৈ ৰিপুন বৰাই। ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত থকাৰ লগতে লতাশিল ৰঙালী বিহুৰ একেৰাহে কেইবাবছৰ ধৰি সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুত ছয়গাঁৱৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷
আনহাতে প্ৰাক্তন বিধায়ক গৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰে ৰাজ্যৰ অন্যতম সমন্বয়-সংহতিৰ পথিকৃৎ সংগঠন “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ,অসম)ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অসম শিশু সাহিত্য সমাজৰ সহ:সম্পাদক প্ৰদীপ নাৰায়ণ ভট্ট, মানুহ আৰু পৰিৱেশৰ সভাপতি কমল চন্দ্র মেধি, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে। তেওঁৰ মৃত্যু ৰাজ্যৰ ক্ৰীড়া ক্ষেত্রৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বাবে এক অপূৰণীয় ক্ষতি বুলি দল-সংগঠনবোৰে মতপোষণ কৰে।