বাক্সা : বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ অস্ত্ৰ ত্যাগ কৰা কেডাৰ সকলক পুনৰ সংস্থাপন দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে৷ অস্ত্ৰ ত্যাগ কৰা এন ডি এফ বিৰ কেডাৰ সকলক পুনৰ সংস্থাপন দিয়াৰ উদ্দেশ্যে মঙলাবাৰে এই কেডাৰ সকলৰ দক্ষতা বিকাশৰ বাবে দুদিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয়। বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত দক্ষতা বিকাশ কাৰ্যসুচীৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি পি হীৰেন নাথে অস্ত্ৰ ত্যাগ কৰা এন ডি এফ বিৰ সকলো সদস্যই আত্মসংস্থাপন হ’ব পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে৷

অসম চৰকাৰৰ ফালৰ পৰা ১৪২৯ গৰাকী কেডাৰক চাৰি লাখ টকাকৈ এককালীন সাহাৰ্য্য প্ৰদান কৰাৰ লগতে চাৰি হাজাৰ সদস্যক চেপ্তেম্বৰ মাহৰ ভিতৰত সাহাৰ্য্য প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি পি হীৰেন নাথে। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ তৎপৰতাত বড়ো ভূমিত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে বুলি মন্তব্য কৰে এ ডি জি পি হীৰেন নাথে৷ ইয়াৰ মাজতে যি সকল বড়ো যুৱকে অস্ত্ৰ হাতত তুলি লৈছে তেওঁলোককো অস্ত্ৰ ত্যাগ কৰাৰ বাবে আহ্বান জনায় তেওঁ৷ অস্ত্ৰ ত্যাগ নকৰা যুৱকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে এ ডি জি পি হীৰেন নাথে৷

লগতে পঢ়ক : মাজুলীত খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গাওঁবাসীৰ পূজা অৰ্চনা

উল্লেখ্য যে প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভি ডি অ’ ক’নফাৰেঞ্চযোগে আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বি টি আৰৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালক জুৰি দলে, বাক্সা জিলা উপায়ুক্ত আয়ুষ গাৰ্গ, আৰক্ষী অধীক্ষক ৰাজেন সিংকে ধৰি কেইবাজনো আৰক্ষী বিষয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লোক উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply