ভেটিকান চিটিৰ প্ৰাক্তন পোপ ষোড়শ বেনেডিক্টৰ শনিবাৰে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। ভেটিকানৰ সূত্ৰৰ দ্বাৰা এই বাতৰি নিশ্চিত কৰা হৈছে।


বাতৰি অনুসৰি, বেনেডিক্টে পোপ হিচাপে অৱসৰ লোৱাৰ পিছত বাস কৰা গুহাটোতেই শেষ নিশ্বাস ত্যাগ কৰে। কেইবাদিনো ধৰি বাৰ্দ্ধক্যজনিত ৰোগৰ বাবে তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল।


বছৰটোৰ শেষত, গোটেই চহৰখন এই বাতৰিত শোকস্তব্ধ হৈ পৰিছে। প্ৰাক্তন পোপৰ মৃত্যুত ভেটিকানৰ তৰফৰ পৰা এক টুইটযোগে কোৱা হৈছে, “আমাৰ শ্ৰদ্ধেয় পোপ এমিৰিটাছ ষোড়শ বেনেডিক্টৰ আজি পুৱা ৯:৩০ বজাত মৃত্যু হয়।” অহা ৫ জানুৱাৰীত পোপগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।


বেনেডিক্টে প্ৰায় আঠ বছৰ পোপ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৩ চনত পোপ পদৰ পৰা স্বেচ্ছাই পদত্যাগ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply