অসম বিধানসভাৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰে অধ্যক্ষ বিশ্বজিত্ দৈমাৰী, উপাধ্যক্ষ নোমল ম’মিন প্ৰাক্তণ অধ্যক্ষ পৃথ্বী মাঝি, টংকবাহাদুৰ ৰাই, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অংশগ্ৰহণ কৰে।
প্ৰতিষ্ঠা দিৱসত অধ্যক্ষ বিশ্বজিত্ দৈমাৰীয়ে এতিয়াৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধানসভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ব বুলি উল্লেখ কৰে।সংসদীয় গণতন্ত্ৰৰ প্ৰতি যুৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হ’ব বুলি মন্তব্য কৰে অধ্যক্ষই।
এই অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অধ্যক্ষই ২ কংগ্ৰেছ বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে। ৰাজ্যসভা নিৰ্বাচনত দুই কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে বিজেপিক ভোট দিয়াৰ লগতে ছিদেক আহমেদৰ ভোট বাতিল হৈছিল। যাৰ বাবে দুয়ো গৰাকী নেতাৰ বিধায়ক পদ খাৰিজ কৰিবলৈ কংগ্ৰেছৰ ফালৰ পৰা পত্ৰ দিয়াৰ পিছতেই অধ্যক্ষই এই সিদ্ধান্ত লয়।
অধ্যক্ষই লগতে কয় যে ইতিমধ্যে দুয়োজনকে কাৰণ দৰ্শোৱাৰ জাননী সাজু কৰা হৈছে । কিন্তু ৯ এপ্ৰিলৰ পৰা যিহেতু অসম বিধানসভাত কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ’চিয়েছনৰ সন্মিলন অনুষ্ঠিত হ’ব সেয়েহে এই সন্মিলন শেষ হোৱাৰ পিছতহে দুয়োগৰাকী বিধায়কলৈ প্ৰেৰণ কৰা হ’ব কাৰণ দৰ্শোৱাৰ জাননী ।