খেৰণিঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং অতিকৈ গুৰুত্বপূৰ্ণ দুৰ্গম পথ হিচাপে পৰিচিত খেৰণি-হাবাইপুৰ-লামছাকান পথটি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷
প্ৰায় ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটিৰ নিৰ্মাণ ব্যয় প্ৰায় ৭২ কোটি বুলি জানিব পৰা গৈছে ৷ নাবাৰ্ড বেংকৰ সহযোগত RIDF আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰিবলগীয়া পথটিৰ পৰিচালনাৰ দায়িত্ব গড়কাপ্তানি বিভাগৰ হাতত অৰ্পন কৰা হৈছে বুলি প্ৰকাশ কৰে স্থানীয় পাৰিষদ পৱন কুমাৰে ৷
লগতে পঢ়কঃশান্তি-শৃংখলা নিয়ন্ত্ৰণ কৰাত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ কংগ্ৰেছৰ
কাৰ্বি পৰিষদৰ ৭ নং কপিলী সমষ্টিৰ অন্তৰ্গত এই পথটিৰ আধাৰশিলা অনুষ্ঠানত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ উপৰিও সাংসদ হৰেনছিং বে’, বোকাজানৰ বিধায়ক তথা ৰাজ্যিক বিধানসভাৰ উপাধাক্ষ্য নোমল মমিন, স্থানীয় বিধায়ক ৰূপছিং টেৰন, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙৰ লগতে পাৰিষদ পৱন কুমাৰ আৰু ৰীনা তেৰাঙপীও উপস্থিত থাকে ৷
উল্লেখযোগ্য যে উক্ত পথটিৰ নিৰ্মাণ যদি এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সক্ষম নহয় তেন্তে অনাগত দিনৰ কোনো নিৰ্বাচনতেই মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে প্ৰচাৰ চলাবলৈ নাহে বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰে ৷