শিৱসাগৰঃ শিৱসাগৰত অসমৰ প্ৰথমখন সংবাদ পত্ৰ “অৰুণোদয়” স্মাৰকৰ শিলান্যাস কাৰ্যসূচী সম্পন্ন।
সংগ্ৰামী সেনা অসমৰ উদ্যোগত দেওবাৰে শিৱসাগৰ বৰপুখুৰী পাৰত অৱস্থিত মাইলচ ব্ৰনছন উদ্যানত অসমৰ প্ৰথমখন সংবাদ পত্ৰ “অৰুণোদয়” স্মাৰকৰ শিলান্যাস কাৰ্যসূচী সম্পন্ন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে ।
হেমন্ত চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত শিলান্যাস অনুষ্ঠানত শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, আটাছু’ৰ কেন্দ্ৰীয় উপ-সভাপতি বসন্ত গগৈকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
আৰু পঢ়কঃচতিয়াত অবৈধভাবে মজুত কৰা সুৰা জব্দ
অসমীয়া ভাষাৰ সংকট কালত মাইলচ ব্ৰনছন, নাথান ব্ৰাউন আদিৰ নেতৃত্বত অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত প্ৰকাশ কৰা প্ৰথমখন সংবাদ পত্ৰ “অৰুণোদয়’ৰ স্মাৰক নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্য্যত সন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰী যোগেন মহনে ব্যক্তিগত ভাৱে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ৰাজহুৱা ভাৱে ঘোষণা কৰে ।
জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই সংগ্ৰামী সেনাৰ এই কাৰ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে “অৰুণোদয়’ৰ স্মাৰক নিৰ্মাণ কৰিব লগা উক্ত স্হানক আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।