খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি কালিঘাটৰ অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ ‘হাৱাইপুৰ লিফ্ট জলসিঞ্চন’ প্ৰকল্পৰ আধাৰশিলা উদ্ধোধন।
বিগত ৭-৮ বছৰৰ আগতে এই প্ৰকল্পটো বিকল হৈ পৰাৰ ফলত খেৰণি হাৱাইপুৰ অঞ্চলৰ ৰাইজ ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। কিন্তু ইয়াত কৰ্মৰত কৰ্মচাৰীয়ে সময় মতে দৰমহা পাই আছিল। বিভিন্ন কাৰণত এই প্ৰকল্পটোত থকা যন্ত্ৰবোৰ অচল হৈ পৰিছিল।
লগতে পঢ়কঃকাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ কাৰ্বি ছাত্র সন্থাৰ
চাৰিওফালে গছ-বনেৰে আবৰি এতিয়া পৰিত্যক্ত অৱস্থাত আছে এই প্ৰকল্পটো। গতিকে এই জলসিঞ্চন উদ্যোগটো আকৌ সক্ৰিয় কৰি তোলাৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাৰ কালিঘাটত আজি উপস্থিত হৈ আধাৰশিলাৰ ফিটা কাটি শুভ উদ্ধোধন কৰে কাৰ্বিআংলং স্বায়ত্ব পৰিষদৰ জলসিঞ্চন বিভাগৰ ইএম মঙ্গলচিং টিমুঙে।
লগতে উপস্থিত থাকে ৭নং কপিলী সমষ্টিৰ এমএচি পবন কুমাৰ আৰু ৯নং আমৰেন সমষ্টিৰ এমএচি ৰিনা তেৰাংপি।
এই কাৰ্যসূচীত বিভাগীয় বহু বিষয়ৱবীয়া সকলৰ লগতে অঞ্চলটোৰ ৰাইজসকলো উপস্থিত থাকে।