সোণাৰি : সোণাৰিত পথৰ আধাৰশিলা স্থাপন কৰিলে সাংসদ তপন কুমাৰ গগৈয়ে।প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা ২০২০-২১ বৰ্ষৰ শিতানত অনুমুদিত বৰাহি আলিৰ পৰা ভজো ৰেল ষ্টেচনলৈ মুঠ ৩.৯৯ কিলোমিটাৰ দৈঘৰ এটা পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ গৰাকীয়ে।
আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। ২ কোটি ৬৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া পথটি ৯ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব।
লগতে পঢ়ক : লোকসভাৰ Sansad TV ত চাকৰি; ৩৯ টা পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান
উল্লেখ্য যে এই পথছোৱা দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকাৰ বাবে বৰাহি গাঁৱৰ সহস্ৰাধিক লোকে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। দেশৰ স্বাধীনতাৰ পিছৰে পৰা সোণাৰিৰ এই পথটিৰ দুৰৱস্থা এতিয়া ওৰ পৰিব বুলি মন্তব্য কৰিছে সাংসদ তপন কুমাৰ গগৈয়ে।