বৰভাগ গ্ৰন্থমেলা আৰম্ভ

নলবাৰী: নলবাৰী জিলাৰ বৰভাগৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সন্ধানৰ উদ্যোগত বৰভাগ মহাবিদ্যালয় আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ সহযোগত চাৰিদিনিয়াকৈ আৰম্ভ হৈছে বৰভাগ গ্ৰন্থমেলা।

এইবাৰৰ গ্ৰন্থমেলাত অসমৰ লগতে ২৪ টাকৈ গ্ৰন্থবিপনীয়ে অংশ লৈছে । উল্লেখযোগ্য যে কোভিদৰ সময়ছোৱাৰ পৰা গ্ৰন্থৰ সুৱাসৰ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিল গ্ৰন্থপ্ৰেমী।

আনহাতে বৰভাগ গ্ৰন্থমেলাত এইবাৰ গ্ৰন্থপ্ৰেমীৰ সমাদৰ লাভ কৰিছে প্ৰকাশক সকলে।

দ্বিতীয় দিনটোত ৫ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।সাংবাদিক পংকজ কুমাৰ কলিতাৰ কবিতা পুথি মৰম বৰষুণ হৈ সৰানা আৰু সাংবাদিক আব্দুল মজিদৰ কবিতা পুথি বুঢ়াদিয়া আৰু আৰু শিশু পদ্যপুথি প মানে পদ্য । আনহাতে গ্ৰন্থমেলাৰ লগতে সাংস্কৃতিক সন্ধিয়াকে ধৰি বিভিন্ন আকৰ্ষণীয় কাৰ্য্যসূচী ৰখা হৈছে।

লগতে পঢ়ক- ৫০টা বৰ্ষত ভৰি থ’লে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply