ডবকা : ডবকা আৰক্ষীৰ এক বৃহৎ সফল অভিযান। ডবকা আৰক্ষীৰ জালত বন্দী হ’ল চাৰিজনকৈ দুধৰ্ষ ডকাইত। এই চাৰি ডকাইতে ডবকাৰ শালবাগানত ৰাস্তাত গছ পেলাই সংঘটিত কৰিছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

ডকাইতৰ দলটোৱে নিশা দুই বজাত সংঘটিত কৰিছিল এই ডকাইতিকাণ্ড। লগে লগে ডকাইতৰ বিৰুদ্ধে ডবকা আৰক্ষীয়ে আৰম্ভ কৰে তীব্ৰ অভিযান। হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকাস্থয়ৰ নেতৃত্বত চলা এই অভিযান অৱশেষৰ সফল হয়।

হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকাস্থয় আৰু ডবকাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৃত কুমাৰ সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই সফলতা লাভ কৰে। ডকাইতি কাণ্ডৰ মাত্ৰ ৩৬ ঘন্টাৰ ভিতৰতে ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজনকৈ দুধৰ্ষ ডকাইত।

লগতে পঢ়ক :  গোলাঘাটৰ ত্ৰিশুল মন্দিৰত উপস্থিত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ

আৰক্ষীয়ে লগতে উদ্ধাৰ কৰে ডকাইতিকাণ্ডত জড়িত বিভিন্ন চোকা অস্ত্ৰ। এই ডকাইতি কাণ্ডত জড়িত আছিল সাতজনকৈ ডকাইত। ইতিমধ্যে ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজন দুধৰ্ষ ডকাইতক। অন্য তিনিজন ডকাইতৰ সন্ধানত আছে আৰক্ষী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply