গুৱাহাটীঃ মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰাত ভয়ংকৰ ভূমিস্খলন। নেৰানেপেৰা বৰষুণৰ ফলত নিশা সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা।
ভূমিস্খলনত মৃত্যু হয় ৪জনকৈ শ্ৰমিকৰ। নিশা প্ৰায় ১বজাত শুই থকা অৱস্থাত আবাসগৃহৰ ওপৰতে খহি পৰিল পাহাৰৰ এটা অংশ। পাহাৰৰ মাটিয়ে পুতি পেলাই আটাইকেইজন শ্ৰমিকক।
আজি পুৱা আৰক্ষী-SDRF ৰ সহযোগত উদ্ধাৰ কৰা হৈছে আটাইকেইজনৰ মৃতদেহ।
নয়ন ৰাজবংশী নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল শ্ৰমিককেইজন।
নিহত লোককেইজন ধুবুৰীৰ মনোৱাৰ হুছেইন, কোকৰাঝাৰৰ মতিউৰ হক, হাছিনুৰ আলী আৰু গোলকগঞ্জৰ আমৰুল হক বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃগাই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ধেমাজি জিলাৰ বিস্তৃৰ্ণ অঞ্চল