গুৱাহাটী : পুনৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে অঘটন। ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছে চাৰিজনকৈ কিশোৰ। উদ্ধাৰ অভিযান আৰম্ভ। কিশোৰ চাৰিজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

এইবাৰ মহানগৰী গুৱাহাটীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছে চাৰিজনকৈ কিশোৰ। পাণ্ডু ঘাটত চাৰি কিশোৰ গা ধুই থকা অৱস্থাত এজন কিশোৰ নদীৰ বুকুত ডুব যোৱাত অন্য তিনিজনে উদ্ধাৰ কৰিবলৈ গৈ সন্ধানহীন হৈ পৰে।

লগতে পঢ়ক : বিৰোধী কংগ্ৰেছে আৰক্ষী সঞ্চালক প্ৰধানৰ বিৰুদ্ধে তুলিলে বিশেষাধিকাৰৰ ভংগৰ অভিযোগ

ঘটনা সংঘটিত হোৱা সময়ত পাণ্ডু ঘাটত উপস্থিত থকা একাংশ লোকে চাৰিজনকৈ কিশোৰ নদীত ডুব যোৱাৰ খবৰ আৰক্ষীক দিয়ে। ঘটনাস্থলীত আৰক্ষী, এডিআৰএফ আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply