দক্ষিণ শালমাৰা : মানকাচৰ জিলাৰ আছামকাটাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কালাপানী আৰক্ষীৰ এটা দলে চলায় এই ড্ৰাগছ বিৰোধী অভিযান। অভিযানকাৰী আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপসহ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জিলা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে পুনৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰে।

কালাপানী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ড্ৰাগছ বিৰোধী অভিযান চলাই এই সাফল্য লাভ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত মানকাচৰৰ আছামকাটা গাঁৱত আৰক্ষীয়ে মনোৱাৰ হক নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু ক’ফ চিৰাপ জব্দ কৰে।

লগতে পঢ়ক : কলগাছিয়া সাপ্তাহিক বজাৰৰ ২০ টা দোকান ভস্মীভূত

ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰৰ পৰা আৰক্ষীয়ে ১,৪৪০ টা নিচাযুক্ত টেবলেট আৰু ৬০ বটল ক’ফ চিৰাফ জব্দ কৰাৰ লগতে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। জেৰাৰ অন্তত চাৰিওজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে মনোৱাৰ হক, বাদশা মিঞা, ময়নাল হক আৰু মনিৰুল হক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply