মৰাণ: চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ কার্যত বিসংগতিক লৈ মৰাণত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু মৰাণ আঞ্চলিক সমিতিৰ সহযোগত মানৱশৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ ।
জাঁজীৰ পৰা মৰাণলৈ বন্ধ হৈ থকা চাৰিলেনযুক্ত কাম অতি শীঘ্ৰে আৰম্ভ কৰাৰ দাবী, চাৰিলেনযুক্ত পথৰ নিৰ্মাণত ব্যাপক দুর্নীতি সংঘটিত কৰা ৰাষ্ট্ৰীয় ৰাজমাৰ্গ আৰু আন্তঃগাঁঠনি উন্নয়ন নিগম লিমিটেড (NHIDCL) বিষয়া পংকজ সিঙক গ্রেপ্তাৰ কৰাৰ দাবী , চাৰিলেনযুক্ত নির্মাণ কৰা প্রতিষ্ঠান GDCIL ক ব্রেক লিষ্টেড কৰাৰ দাবী কৰে প্ৰতিবাদকাৰী সকলে।
চৰিলেনযুক্ত পথ নির্মাণৰ কামত নিয়ােজিত থলুৱা কৰ্মচাৰী আৰু যােগানকাৰীৰ প্ৰাপ্য আদায় পােৱাৰ ব্যৱস্থা কৰাৰ দাবীত মানৱশৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্লোগানেৰে মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদকাৰীসকলৰ ।
লগতে পঢ়ক –হাতী মানুহৰ সংঘাতত নিদ্ৰা হৰিছে চৰাইদেউ কলিয়াবৰৰ ৰাইজৰ