গুৱাহাটীত নিৰ্মাণ হ’ব চাৰিলেনযুক্ত ফ্লাইঅ’ভাৰ

 গুৱাহাটীবাসীৰ বাবে সুখৱৰ।

গুৱাহাটীত নিৰ্মাণ হ’ব চাৰিলেনযুক্ত ফ্লাইঅ’ভাৰ। ৯২৩ কোটি টকা ব্যয়েৰে সন্দিকৈ কলেজৰ পৰা নুনমাটিলৈ নিৰ্মাণ কৰা হ’ব এই চাৰিলেনযুক্ত ফ্লাইঅ’ভাৰ।

গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যা ৰোধ কৰিবৰ বাবে প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৰহাটত অনুষ্ঠিত কেবিনেট বৈঠকৰ শেষত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰোপৰি কেবিনেট বৈঠকৰ শেষত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আন কেইবাটাও সিদ্ধান্ত ঘোষণা কৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ-

-এতিয়াৰে পৰা নিজৰ বাইকেৰে ৰেপিড’ সেৱা আগবঢ়াব পাৰিব।

-নিজৰ বাহনখন ‘পুল কাৰ’ কৰি যাত্রী কঢ়িয়াব পাৰিব।

-ইয়াৰ বাবে নম্বৰ প্লেট সলনি কৰিব নালাগে।

-যোৰহাট চহৰৰ ষ্ট্রীট লাইটসমূহ চৰকাৰ আৰু পৌৰসভাই জ্বলোৱাৰ ব্যৱস্থা কৰিব।

-যোৰহাটৰ খোৱাপানী সমস্যাৰ বাবে PHCক ১০০ কোটি টকাৰ অনুমোদন।

-যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে এখন উৰণীয় সেতু হ’ব।

-প্রায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব উৰণীয়া সেতুখন।

-বৰোহালৰ পৰা যোৰহাট ন আলিলৈকে হ’ব এটা সুন্দৰ পথৰ অনুমোদন।

-অসম মালাৰ অধীনত হ’ব এই পথ।

-যোৰহাট চক বজাৰ নিৰ্মাণৰ সিদ্ধান্ত কেবিনেটত।

-মৰিয়নীত এখন ১০০খন বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণত অনুমোদন।

-JMCHলৈ ১.২২ কোটি টকাৰ অনুমোদন।

-চেলেংহাট আৰু দেৰগাঁৱত একোখনকৈ স্থাপন হ’ব মহাবিদ্যালয়।

-যোৰহাটত ১০০০ মানুহ বহিব পৰা নগৰৰ মাজমজিয়াত হ’ব এটা প্রেক্ষাগৃহ।

-যোৰহাট তাৰকাগৃহলৈ ১০ কোটি টকাৰ অনুমোদন।

-২০২৩ চনত যোৰহাটত হ’ব উপায়ুক্ত সন্মিলন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply